Sunday, December 1, 2019

অসম ভেলী জাতীয় বিদ্যালয়ৰ সফলতাত গণ্য়-মান্য ব্যক্তিৰ শুভেচ্ছা ও সম্বৰ্দ্ধনা

২০১৯ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ বিদ্যালয়ৰ ছাত্ৰী মিচ. আফচানা আজমীনে আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক সহ মেট্ৰিক পৰীক্ষা কেন্দ্ৰটোৰ ভিতৰত সৰ্বোচ্চ ৯০.৬৬ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়ৰ লগতে অঞ্চলখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । ইয়াৰ উপৰিও ২০১৯ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ ফলাফল ১০০ শতাংশ ।


                                            শুভেচ্ছা
২০১৯ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ বিদ্যালয়ৰ ছাত্ৰী মিচ. আফচানা আজমীনে আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক সহ মেট্ৰিক পৰীক্ষা কেন্দ্ৰটোৰ ভিতৰত সৰ্বোচ্চ ৯০.৬৬ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়ৰ লগতে অঞ্চলখনলৈ সুনাম কঢ়িয়াই অনা ছাত্ৰীৰ লগতে আমাৰ বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰ-ছাত্ৰীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ।

                                                            ইতি
                                                   প্ৰধান শিক্ষক
                                  অসম ভেলী জাতীয় বিদ্যালয় ।

                                           শুভেচ্ছা
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ দিনা আমছুৰ কেন্দ্ৰীয় সভাপতি মো: কমৰুজ জামান সৰকাৰ, ৰূপহীহাট সমষ্টি যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইলিয়াছ ৰহমাতুল্লা, জুৰীয়া জুনিয়ৰ কলেজৰ প্ৰৱক্তা সকল, বিভিন্ন দল সংগঠনৰ সদস্য সকলৰ লগতে অসমৰ আগশাৰী কেইবাটাও সংবাদ মাধ্যমৰ কৰ্মী সকল বিদ্যালয়ত উপস্হিত হৈ আফচানা আজমীন, তাইৰ পিতৃ-মাতৃৰ লগতে শিক্ষক/ শিক্ষয়িত্ৰীক আদৰণি জনাই ।

                                         শুভেচ্ছা
কৃতি ছাত্ৰী মিচ. আফচানা আজমীনক ৰূপহীহাট সমষ্টিৰ বিধায়ক মো : নুৰুল হুদা চাহেব ডাঙৰীয়াই কদমনি টাউন হাই স্কুল প্ৰাঙ্গণত আদৰণি জনাই ।

                                         শুভেচ্ছা
        কৃতি ছাত্ৰী মিচ. আফচানা আজমীনক এ.জে হস্পিতাল, ও ৰিচাৰ্চ চেন্টাৰৰ সৌজন্যত আয়োজিত সম্বৰ্দ্ধনা অনুষ্ঠানত ডাঃ ছফিকুল ইছলামে আদৰণি জনাই ।


0 comments:

Post a Comment

Copyright © Assam Valley Jatiya Vidyalaya |
Designed by Bakul Computer Corner