Saturday, November 30, 2019

অভিভাৱক সকলৰ প্ৰতি

১। ল’ৰা -ছোৱালীক টিফিন (লঘু আহাৰ) দি পঠিয়াব ।
২। ছোৱালীক মূল্যবান আ-অলংকাৰ পিন্ধাই বিদ্যালয়লৈ নপঠিয়াব ।
৩। কোনো অভিভাৱক বিদ্যালয় কৰ্তৃপক্ষৰ অনুমতি অবিহনে কোনো পৰিস্হিতিত বিদ্যালয়ৰ পাঠদান চলি থকা সময়ত শ্ৰেণীকোঠাত নোসোমাব ।
৪। অভিভাৱক সকলৰ বাবে আহব্বান কৰা সভাত উপস্হিত থকাটো নিতান্তই বাঞ্চনীয় আৰু ইয়াক দায়িত্ব হিচাপে গ্ৰহণ কৰিব ।
৫। বিদ্যালয় ছুটি হোৱাৰ পাছত বিদ্যাৰ্থী সকলৰ দায়িত্ব কৰ্তৃপক্ষই নলয় ।
৬। ছাত্ৰ-ছাত্ৰীৰ মাহেকীয়া লগতে অন্যান্য মাচুল সমূহ নিয়মিত ভাৱে আদায় দিয়াৰ কাৰণে সচেতন হব ।
৭। ল’ৰা -ছোৱালীক ঘৰত নিয়মীয়া পঢ়া, চিন্তা চৰ্চা কৰাৰ সুপৰিৱেশ গঢ়ি দিয়াত সচেষ্ট হব ।
৮। যিকোনো আসোঁৱাহৰ বাবে বিদ্যালয়ৰ অধ্যক্ষক জনাব লাগিব । কিবা ওজৰ আপত্তি থাকিলেও অধ্যক্ষক অৱগত কৰাব লাগিব । কিন্তু ৰাজহুৱা ভাৱে প্ৰচাৰ কৰিব নোৱাৰিব ।
৯। অসমীয়া শুৱলা ভাষাৰে সম্বোধন কৰিবলৈ অভিভাৱকে শিকাব ।
১০। সময়মতে কিতাপ, বহী, সাজপাৰ (বেজ, পৰিচয় পত্ৰ) অন্যান্য সামূগ্ৰী সমূহ যোগান দিব ।

0 comments:

Post a Comment

Copyright © Assam Valley Jatiya Vidyalaya |
Designed by Bakul Computer Corner