সংকল্প
১। আমি সদায় বিদ্যালয়লৈ পৰিস্কাৰ হৈ
আহিম ।
২। বিদ্যালয়খন ধুনীয়াকৈ ৰাখিম ।
৩। বন্ধু-বান্ধৱী সকলৰ লগত
মিলা-প্ৰীতিৰে থাকিম ।
৪। বিদ্যালয়ৰ নীতি নিয়ম মান চলিম ।
৫। এইখন আমাৰ অসম ভেলী জাতীয় বিদ্যালয়
।
৬। বিদ্যালয়খন আমাৰ আপোন ।
৭। আমি সদায় বিদ্যালয়লৈ আহিম ।
৮। শিক্ষাগুৰু আৰু জ্যেষ্ঠ সকলক
শ্ৰদ্ধা জনাম ।
৯। শিক্ষাগুৰুৱে কোৱা প্ৰতিটো কথা মনযোগেৰে
শুনিম ।
১০। আমি প্ৰতিদিনে দিনলিপি লিখিম ।
১১। আমি ছাত্ৰ-ছাত্ৰী সকল দেশৰ ভৱিষ্যৎ নাগৰিক ।
১২। আমি দেশৰ সন্মান অটুট ৰাখিবলৈ চেষ্টাৰ পথত
অগ্ৰসৰ হম বুলি সংকল্প ললো ।
বিদ্যালয়ৰ বৈশিষ্ট্য সমূহ
১।
অসম ভেলী জাতীয় বিদ্যালয়ত ল’ৰা-ছোৱালী উভয়ে পঢ়িব পাৰি ।
২।
বিদ্যালয় প্ৰতি শুক্ৰবাৰে সাপ্তাহিক বন্ধ থাকিব ।
৩। শিক্ষাৰ্থী সকলৰ শাৰীৰিক, মানসিক নৈতিক তথা
আধ্যাত্মিক দিশত বিকাশ সাধন কৰাই অসম ভেলী জাতীয় বিদ্যালয়ৰ মূল নীতি ।
৪। বিদ্যালয়খন অসম ভেলী জাতীয় বিদ্যালয় শিক্ষা সংসদৰ অধীনত পৰিচালিত ।
৫। মাহেকীয়া মাচুল মাহৰ ২০ তাৰিখৰ আগত জমা দিব লাগিব ।
৬। সম্পূৰ্ণ মাচুল আদায় দিয়া ছাত্ৰ-ছাত্ৰীকহে ছমহীয়া/বছৰেকীয়া পৰীক্ষাৰ প্ৰৱেশ পত্ৰ দিয়া
হয় ।
৭। নিৰ্দ্দিষ্ট সময়ৰ মূৰে মূৰে একোগৰাকী শিক্ষক ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ গৈ
ঘৰুৱা পৰিবেশ, পঢ়াৰ সা-সুবিধা আদিৰ বিষয়ে বুজ লোৱাৰ ব্যৱস্হা ।
৮। বিদ্যালয়খন অংকুৰ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ শিক্ষাদানৰ ব্যৱস্হা আছে
।
৯। ছাত্ৰ-ছাত্ৰীৰ ইউনিৰ্ফম আদি নিজাববীয়াকৈ ক্ৰয় কৰিব লাগিব ।
১০। কিতাপ, বেজ, পৰিচয় পত্ৰ নিৰ্দ্দিষ্ট মূল্যত যোগান ধৰা হয় ।
১১। একেজন অভিভাৱকৰ তিনিজন ছাত্ৰ-ছাত্ৰী বিদ্যালয়ত নাম ভৰ্তি কৰোৱালে
অভিভাৱকৰ আৰ্থিক অৱস্হাৰ প্ৰতি লক্ষ্য ৰাখি শেষৰজনৰ কেৱল মাহেলী মাছুল ৰেহাইৰ
ব্যৱস্হা আছে ।
১২। সংখ্যালঘু বৃত্তি, চৰকাৰী, বেচৰকাৰী অন্যান্য ব়ৃত্তিৰ ব্যৱস্হা
আছে ।

0 comments:
Post a Comment