Saturday, November 30, 2019

সম্পাদকৰ একাষাৰ

   শিক্ষা আৰু জীৱনৰ প্ৰতি এটা সামগ্ৰিক দৃষ্টিভংগীলৈ ২০০৭ চনৰ ৩১ ডিচেম্বৰত অসম ভেলী জাতীয় বিদ্যালয় স্হাপন কৰা হৈছে।
           বৰ্তমান অসমৰ জাতীয় জীৱনত বিৰাজ কৰা ক্ষয়মুখীতা আৰু শিক্ষা জগতত বিৰাজ  কৰা জড়তাৰ বিপৰীতে এটা আত্ম সচেতনতা ও নতুন প্ৰজন্মৰ সৃষ্টিৰ পথত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভাৰ স্বাভাৱিক বিকাশ ঘটাবলৈ শিক্ষা প্ৰদান আৰু শিক্ষা গ্ৰহণৰ বৈজ্ঞানিক দৃষ্টিভংগীৰে জাতীয় বিদ্যালয়ে খোজ পেলাইছে । আনকি এই বিদ্যালয়ে এই বিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে সংকল্প মনৰ অধিকাৰী হব । মানৱীয় মূল্যবোধ সম্পূৰ্ণ অটুট ৰাখি জীৱনত প্ৰতিষ্ঠিত হব আৰু নিজৰ জীৱনৰ অৰ্থ বিচাৰি লব- এয়াই বিদ্যালয়খনৰ সামূগ্ৰিক লক্ষ্য ।

             অভিভাৱক সকলে নিজৰ সন্তানৰ শিক্ষাজগতখনৰ লগত ৰাখিবলগীয়া যোগাযোগৰ সাকোঁখন এই বিদ্যালয়খনেই গঢ়ি দিব পাৰিছে আৰু পাৰিব বুলি আমি আশা কৰো । আমি দৃঢ়তাৰে আশা কৰো যে সমাজ আৰু সময়ৰ যুগ্ম দাবীত অংকুৰিত হোৱা জাতীয় বিদ্যালয়খনক সমাজৰ ধনাত্মক দিশবোৰ চিন্তাৰ খোৰাক যোগাব আনকি এই অঞ্চলৰ বৃহৎ স্বাৰ্থত কেইগৰাকীমান শিক্ষা সচেতন ব্যক্তিয়ে এই অনুষ্ঠানটিৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীক বৰ্তমান এই তীব্ৰ প্ৰতিযোগিতাৰ যুগত গুণগতমান সম্পন্ন শিক্ষা দানৰ যোগেদি একো একোজন যোগ্য প্ৰতিযোগী সফল নাগৰিক হিচাপে গঢ় দিব ।

                                                                                                 সম্পাদক
                                                                                      অসম ভেলী জাতীয় বিদ্যালয়
                                                                                                নগাঁও (অসম)

0 comments:

Post a Comment

Copyright © Assam Valley Jatiya Vidyalaya |
Designed by Bakul Computer Corner